Song: Tumare Sawonit
Year: 2022
Viewed: 0 - Published at: 5 years ago

মনৰে ফাগুনী যেন তুমি
সুবাসী পছোৱা তুমি
সপোন মোৰ জীপাল আজি
তোমাৰে চাৱনিত

তুমি যে সাৰদী নিশাৰে জোনাকী
আলোকিত ধৰা
বোৱঁতী নৈৰ দৰে বুকুতে বৈ যোৱা
জীয়ালা মোৰ আশা

সাৱটি মোক তোমাৰে দুবাহুত
লৈ যোৱাঁ মোক দূৰণিলৈ
তোমাৰে হৈ থাকিম মই
চিৰদিনলৈ

বাৰিষাৰে বৰষা হৈ
নামি আহাঁ তৃপ্ত ধৰালৈ
সানি দিয়াঁ ৰং সপোনত
ৰৈ যোৱাঁ বুকুতে আশা হৈ

অনুভূতিৰ নিজৰা হোৱাঁ
কোলাহলত তুমি মৌনতা হোৱাঁ
মৰুভূৰে মায়াতে তুমি
মোৰে মনৰে মৰীচিকা হোৱাঁনা, অ'

( Xenokrypt & Abhijeet Boruah )
www.ChordsAZ.com

TAGS :